এখন ধাৰাবাহিক আছিল। নাম – ‘মুংগেৰীলাল কে হছিন স্বপ্নে’। সপোন দেখি সকলোৱে ভাল পায়। বিপদৰ সময়ত আশাৰ সঞ্চাৰ হোৱা কিছু ঘোষণাই মানুহৰ মনবোৰ সজীৱ কৰি তুলিছে। কিন্তু সেই সপোন বাস্তৱ হোৱাৰ সম্ভাৱনা কিমান?


কোৰোনা ভাইৰাছৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ২০ লাখ কোটি টকীয়া আৰ্থিক পেকেজে সঁচা অৰ্থত দৰিদ্ৰজনৰ বাবে বা এই পেকেজে সামৰি ল’ব লগা জন উপকৃত হ’বনে? এয়া দুৰ্যোগৰ মুহূৰ্তত কৌশলেৰে দিয়া প্ৰতিশ্ৰুতিহে নেকি?


২০ লাখ কোটি হয়তো বহুতে লিখিবলৈ টান পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আৰ্থিক পেকেজ ঘোষণা কৰাৰ পাছত বহুতে ২০ লাখ কোটি লিখিবলৈ লৈ বিপাঙত পৰিছে। এয়াটো কম সংখ্যা নহয়! ২ৰ পাছত ১৩টা শূন্য যোগ দিলে অৰ্থাৎ ২০০০০০০০০০০০০০ হ’ল ২০ লাখ কোটি।


যি সময়ত এই আৰ্থিক পেকেজ ঘোষণা কৰা হৈছে (১৩ মে’, ২০২০ত), সেই দিনটোত মাৰ্কিন ডলাৰ হিচাপত সেয়া হ’ব ২৬৫,১৯৭,৪০০,০০০ মাৰ্কিন ডলাৰ। ব্ৰিটেইনৰ হিচাপত সেয়া ২১৫,৯১৮,২০০,০০০ পাউণ্ড আৰু ইউৰো লৈ সেই ধনৰাশি ৰূপান্তৰ কৰিলে হ’বগৈ ২৪৪,৭৯৮,০০০ ইউৰো।


কৃষক, শ্ৰমিক, মধ্যবিত্তক সামৰি প্রধানমন্ত্ৰীৰ এই পেকেজৰ অধীনত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে দুমাহলৈ বিনামূলীয়া ৰেচন দিয়াৰ কথা কোৱা হৈছে। মধ্যবিত্তৰ গৃহ আবাসনৰ বাবেও এই পেকেজত ধাৰ্য কৰা হৈছে ৭০হাজাৰ কোটি টকা।


পদপথৰ ব্যৱসায়ীক সকাহ দিবলৈও এই আৰ্থিক পেকেজত যথেষ্ট ধনৰ দিহা কৰা হৈছে। ৫০ লাখ পদপথৰ ব্যৱসায়ীক ১০হাজাৰ পৰ্যন্ত বিশেষ ঋণ, কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আঢ়ৈ কোটি কৃষকক ২লাখ কোটি টকাৰ ৰেহাই ঋণ, নগৰ অঞ্চলত বাস কৰা দৰিদ্ৰৰ বাবে প্ৰায় ১১ হাজাৰ কোটি টকা আৱন্টন আদি ভাল লগা বহু ঘোষণা কৰা হ’ল।


ভবা মতে আৰু ঘোষণা কৰা মতে, কেন্দ্ৰৰ লক্ষ্য কোৰোনাৰ লকডাউনৰ সময়ত ক্ষতিগ্ৰস্ত উদ্যোগ, এমএছএমই আদিলৈ আৰ্থিক সকাহ, ২৭ লাখ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ঋণ আদি বহু ঘোষণাই কৰা হ’ল। মুলতঃ কৃষক সকলৰ বাবেই এই আৰ্থিক পেকেজত ২ লাখ কোটি টকা ঋণ প্ৰদানৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই।


কৃষকসকলৰ লগতে পশু পালক আৰু মীন পালক সকলকো ইয়াৰ অধীনত সামৰি লোৱা হ’ব। এই আৰ্থিক পেকেজৰ ফলত ৬৭কোটিৰো অধিক দৰিদ্ৰ লোক, ৮কোটি প্ৰব্ৰজনকাৰী শ্ৰমিক, প্ৰায় ৬ কোটি কৃষক, ৫০ লাখ পদপথৰ বেপাৰী, ৩৭লাখ ক্ষুদ্ৰ ব্যৱসায়ী আৰু আঢ়ৈ লাখ নিম্নমধ্যবিত্ত শ্ৰেণীৰ লোক উপকৃত হ’ব।


সকলো পেকেজ বা আঁচনি ঘোষণা কৰা সময়ত ইয়াৰ উদ্দেশ্য মহৎ হৈয়ে থাকে। এক স্পষ্ট লক্ষ্যৰে সেই ধন চৰকাৰে দিয়ে যদিও, আঁচনি বা এই পেকেজ ৰূপায়নৰ ক্ষেত্ৰত তাৰমাজতে কিছু এনে দিশ থাকে যে, ব্যৱহাৰিক অৰ্থত সেয়া এক বৃহৎ ধনৰাশি যেন লাগিলেও গা বচাই চৰকাৰে এনে কাম কৰে।


২০ লাখ কোটি টকা কোৰোনা ভাইৰাছৰ লকডাউনৰ সময়ত হোৱা ক্ষতিপূৰণৰ বাবে চৰকাৰে আৰ্থিক পেকেজ ঘোষণা কৰিলেও ইয়াৰ বোজা পৰিব বেংকসমূহৰ ওপৰত। বেংকসমূহে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি উদ্যোগ, এমএছএমই, কৃষক বা আন লোকসকলক ঋণ দিব লাগিব।


সেই ঋণৰ ধন বেংকৰ। চৰকাৰ তাৰ গাৰেন্টাৰ। কিবা কাৰণত সেই ঋণ ঘূৰাই দিব নোৱাৰিলে দায়িত্ব চৰকাৰে ল’ব। একেদৰে ঋণ লৈ সৰ্বস্বান্ত হোৱা কৃষকসকলে লকডাউনৰ পাছত ঋণ লৈ কৃষি কৰ্মৰ জৰিয়তে উৎপাদন কৰিলেও ইয়াৰ সুনিশ্চিত বজাৰৰ দায়িত্ব চৰকাৰে নল’লে ক’ৰ পৰা সেই ঋণ কৃষকে ঘূৰাই দিব?


জিডিপিৰ ১০ শতাংশ ধন এই বৃহৎ আৰ্থিক পেকেজে সামৰি লৈছে। অসম চৰকাৰেও ইয়াৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক দুৰাৱস্থা আঁতৰ হ’ব বুলি ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই আৰ্থিক পেকেজৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল সম্বোধন কৰি ১৫ মে’, ২০২০ত ক’লে যে- আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু ২০ লাখ কোটি টকাৰ বৃহৎ অৰ্থনৈতিক পেকেজে সকলো প্ৰতিকূলতাক নেওচি দেশৰ অন্তৰ্নিহিত শক্তি আৰু স্বনিৰ্ভৰশীলতাক পুনৰ জীৱিত কৰি তুলিব।



প্রধানমন্ত্ৰীয়ে এই আৰ্থিক পেকেজ ঘোষণা কৰাৰ পাছতেই অসম উল্লেখযোগ্যভাৱে ইয়াৰ দ্বাৰা উপকৃত হোৱা পথত বুলি মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰিলে। অংক ঠিকেই কৰিছে সকলোৱে। কিমান কোটি টকাৰ আঁচনি ঘোষণা কৰিছে আৰু ইয়াৰ অংশৰ দ্বাৰা অসমৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগসমূহ ঠন ধৰি উঠিব বুলি ভবাত আপত্তি নাই। কিন্তু সেই কুটীৰ, ক্ষুদ্ৰ, মজলীয়া উদ্যোগসমূহৰ অৱস্থা বাস্তৱত কি হৈ আছে?


এমএছএমইৰ নামত আকৌ লুণ্ঠন চলিব নেকি? ক্ষমতাবান সকলে ঘৰে ঘৰে এনে এন্টাৰপ্ৰাইজ, ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে চৰকাৰী ঋণ গ্ৰহণ কৰি প্ৰকৃত ক্ষুদ্ৰ আৰু থলুৱা উদ্যোগসমূহক পূৰ্বৰ বহু আঁচনিত আওকাণ কৰাৰ উদাহৰণ নথকা নহয়।


এতিয়া কথা হ’ল এই ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজে দুবেলা দুমুঠি খাব নোপোৱা দৰিদ্ৰ লোকসকলক দুমাহৰ বাবে খাদ্য যোগান ঠিকেই ধৰিব। কিন্তু তাৰ পাছত কি হ’ব সেই সকলৰ? ইতিমধ্যে তেওঁলোকৰ অধিকাংশই কৰ্মসংস্থাপনহীন হৈছে। যদিও কোৱা হৈছে এমজিএনৰেগা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে তেওঁলোকক পৰোক্ষ-প্ৰত্যক্ষ নিয়োগৰ সুবিধা দিব, কিন্তু শিক্ষিত আৰু উচ্চশিক্ষিত যিসকলে কোৰোনা ভাইৰাছৰ বাবে কৰ্মসংস্থাপনহীন হ’ল তেওঁলোকে কি কৰিব?


প্ৰধানমন্ত্ৰী কিষাণ ক্ৰেডিট কাৰ্ডৰ যোগে কৃষকৰ বাবে ঋণ দিয়াৰ কথা ঘোষণা কৰা হৈছে। দুদিনৰ পূৰ্বে অৰ্থাৎ ১৪ মে’, ২০২০ত প্ৰকাশিত এক বিজ্ঞাপন হয়তো বহুতে লক্ষ্য কৰা নাই। কামৰূপ মহানগৰ জিলা কৃষি বিষয়াই এক বিজ্ঞাপনযোগে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি হিতাধিকাৰীক দিয়া ধন বিতৰণ কৰাৰ পাছত এই নিধিক লৈ হোৱা কোটি কোটি কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাত অযোগ্য হিতাধিকাৰীসকলক সেই ধন ঘূৰাই দিয়াৰ আহ্বানেৰে বিজ্ঞাপন দিছিল।


প্ৰাক্তন চাকৰিয়াল, বিভিন্ন পেছাধাৰী ব্যক্তি, ৰাইজৰ প্ৰতিনিধি আদিয়ে অসত্য তথ্যৰ ভিত্তিত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধিৰ ধন লাভ কৰিছিল। সেই কথা সংবাদমাধ্যমত পোহৰলৈ অহাৰ পাছত কৃষি বিভাগে বিজ্ঞাপন দিব লগা হৈছে যে, অযোগ্য ব্যক্তিয়ে যদি জ্ঞাতে বা অজ্ঞাতে হিতাধিকাৰীৰ তালিকাত নাম ভৰ্তি কৰাইছিল আৰু তেওঁলোকে পোৱা কৃস্তিৰ অনুদান বেংক একাউণ্টত ঘূৰাই দি তাৰ চহী-ছীলযুক্ত ৰিছিপ্ট কৃষি উন্নয়ন বিষয়া বা কৃষি সম্প্ৰসাৰণ সহায়কক লগ ধৰি জমা দিব লাগে।


এয়া কেনে কথা? এনে অনুদান লাভ কৰা সকলক আদাবাৰী ইউ বি আই বেংকৰ ৫৪৯৯০২০১০০১০৬৬৮ নম্বৰত ধন ঘূৰাই দিবলৈ কোৱা হৈছে। হিতাধিকাৰীৰ তালিকা প্ৰস্তুত , তেওঁলোকে দিয়া তথ্য সঁচা-মিছা নিৰূপনৰ পাছতহে এক চৰকাৰী আঁচনিৰ ধন দিয়া হয়।


কৃষি বিভাগৰ বিষয়াসকলে এনে হিতাধিকাৰীসকলৰ নামত নিশ্চয় ছীল-মোহৰ মাৰিয়েই তেওঁলোকক অনুদান আগবঢ়াইছিল। ইয়াৰ বাবে যদি ভুল তথ্য দি অনুদান লোৱা লোকসকল দায়ী, তাৰ সমানে কৃষি বিভাগ, কৃষি মন্ত্ৰী দায়ী নহ’ব কিয়?


এনে অকৰ্মন্য কিছু লোকৰ দ্বাৰাই এতিয়া একো একোটা বিভাগ চলি আহিছে। আৰু সেই বিভাগতে পুনৰ কোৰোনা ভাইৰাছৰ এই সংকটে যেন কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা এই আৰ্থিক পেকেজে আন এক সুযোগ আনি দিছে।


এইবোৰ দিশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিচাৰ নকৰি কেৱল সংবাদমেল পাতি আৰ্থিক পেকেজ ঘোষণা কৰাৰ লগে লগে সকলো ৰাইজ উপকৃত হ’ব বুলি ভবাটো কিমান যুক্তিসংগত? ক’ৰ পৰা এই ধন আহিব আৰু কিদৰে ইয়াক ব্যয় কৰা হ’ব তাৰ কোনোবা ৰূপ-মেপ এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।


আমি সদায় আশাত বন্দী হৈ থাকো। কোনোবাই আমাক প্ৰতিশ্ৰুতি দিলে আমি সেয়া পোৱা বুলি ভাবি লওঁ। কিন্তু সময় অতিবাহিত কৰাৰ লগে লগেহে আমাৰ অনুভৱ হয়- তেনে বহু ঘোষণা কেৱল ভেকোভাওনা।


এই সময়ত সকলোৱে বিচাৰে চৰকাৰে এনে কিছু সিদ্ধান্ত বা পদক্ষেপ গ্ৰহণ কৰক যিবোৰে সঁচা অৰ্থত এই দুৰ্যোগৰ মুহূৰ্তত সাধাৰণ দৰিদ্ৰ শ্ৰেণী, ব্যৱসায়ী, উদ্যোগপতি সকলোৰে বাবে সহায়ক হ’ব পাৰে। এয়া কোনো নিৰ্বাচনী প্ৰচাৰ নহয়। কিন্তু এই আৰ্থিক পেকেজ ঘোষণা কৰা সময়ত আৰু কিছু লোকৰ এই পেকেজৰ সবিশেষ ঘোষণা কৰোতে কৰা গুণানুকৃৰ্তনে ইয়াক ব্যক্তি বিশেষৰ শ্ৰবিত শ্ৰবন সদৃশহে কৰি পেলাইছে।


আত্মসন্তুষ্টিত বুৰ গৈ থাকোতেই ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই চীনক অতিক্ৰম কৰিলে। সেই আত্মসন্তুষ্টি আৰু কোনোবাই উপচাই দিয়া প্ৰশংসাত বুৰ গৈ প্ৰকৃত বাস্তৱক ঢাকি ৰাখি এনে আৰ্থিক পেকেজেৰে কোৰোনাৰ সৈতে যুঁজিব কিমান দিনলৈ পাৰিব তাৰো সন্দেহ আছে।


বিশ্ব স্বাস্থ্য সন্থাই ইতিমধ্যে কৈছে যে এই যুঁজ দীঘলীয়া হ’ব। কোৰোনাৰ সৈতে আমি সহবাস কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত দেশবাসীৰ আস্থা আছে। কিন্তু সেই আস্থাক বিশ্বাস আৰু বাস্তৱলৈ ৰূপান্তৰ কৰি সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাস্তৱিক পদক্ষেপ লোৱা সলনি ক্ষণিক আত্মসন্তুষ্টিৰে বিজুলিৰ দৰে চমক দিবলৈ গ’লে সেয়া হৈ পৰিব ভৱিষ্যতৰ বাবেও বিপজ্জনক।

লিখকঃ মৃদুল কুমাৰ সন্দিকৈ