পুনি অহংকাৰী মানুহবোৰক কেনেকৈ চম্ভালে যি সফল হৈ আপোনাক তলত দেখাবলৈ চেষ্টা কৰে?!
                পুৰণা কথা এষাৰ আছে, “ঈশ্বৰে যেতিয়া কাৰোবাক কিবা এটা দিয়ে তেতিয়া পোৱাজনে নিজে কিছুমান বদগুণ অৰ্জন কৰি লয়।” সেয়েহে যেতিয়া কোনো এজন মানুহৰ ওচৰত টকা-পইচা/সফলতা আহে, তেনে স্বাভাবিকতেই তেখেতে নপতা ফুকন হৈ পৰে।

                 ইয়ালৈকেতো বুজা যায় বাৰু, কিন্তু ইয়াৰে কিছু সংকীৰ্ণ মানসিকতাৰ মানুহে আৰু এখোজ আগুৱাই অনাৱশ্যকভাৱে তুলনা কৰি আনক নিজতকৈ নিম্ন দেখুৱাইও সুখী অনুভৱ কৰেৎ
এইসকলেই আনৰ কষ্ট দেখি ভালপোৱা বিধৰ মানুহৰ শাৰীত পৰে।

                  আজিকালিৰ চিৰিয়েলবোৰত এনেকুৱা মানসিকতাৰ চৰিত্ৰবোৰ আৰু এখোপ উঠাই দেখুৱাই থাকে।তেওঁ কি বিচাৰে, ইয়াতকৈ অধিক গুৰুত্বপূৰ্ণ কথা এইটোহে যে, আমি কি হবলৈ দিব বিচাৰো।মই এই অধিকাৰ কাকো নিদিও আজিকালি যে অন্য কোনোবাই মোক নিম্ন দেখাব বা গছত উঠাই গুৰি কাটিব, সেয়েহে আজিকালি এনেকুৱা কথাৰ উত্তৰ এটা মিচিকিয়া হাঁহি মাৰি শেষ কৰো।
প্ৰতিশোধৰ ভাবনা এই বাবেই নাৰাখো কিয়নো তেওঁৰ মানসিকতা ভাল হোৱা হলে তেওঁ এনেকুৱা কথা/কাৰ্য নকৰিলেইহেঁতেন, আৰু তেওঁলোকৰ বৌদ্ধিক স্তৰলৈ নমাটো মোৰ বাবে সহজসাধ্য নহয়।
এনে ক্ষেত্ৰত মই এওঁলোকৰ কথাবোৰ গুৰুত্ব নিদিয়াটোয়েই একমাত্ৰ উপায় বুলি ভাবো।
প্ৰথম অৱস্থাত পোনপটীয়াকৈ উত্তৰ দিছিলো, কিন্তু এনে লোকৰ লগত তৰ্ক কৰা, ‘গৰুৰ আগত টোকাৰী বোৱা নিচিনা কথাৰ সমান, সেয়েহে মই তেওঁলোকক তেওঁলোকৰ ভাগে সন্তষ্ট হবলৈ দি নিজৰো মানসিক শান্তি ভংগ নকৰাৰ চেষ্টাত থাকো।

                  কাৰোবাৰ কটু কথা শুনি তেওঁক স্প্ৰৰ্দ্ধা কৰাৰ পৰা বিৰত থকাৰ চেষ্টা অহৰহ কৰি থাকো।
আপুনি এনে লোকক কেনেদৰে গুৰুত্ব দিয়ে, আপুনি নিজক কিমান গুৰুত্ব দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰে।